Show/Hide Keyboard Layout

কোন কোন আহিছ আইক পূজিবলৈ

- জ্যোতিপ্ৰসাদ আগৰৱালা

কোন কোন আহিছ আইক পূজিবলৈ

আইৰ পূজাৰ বেলি হ’ল ! (সমনীয়া অ’)

সাজু হ’বৰে হ’ল ডেকা ল’ৰা ! সাজু হ’বৰে হ’ল,

সাজু হ’বৰে হ’ল অ’ সাজু হ’বৰে হ’ল ।

 

পৰ পদানত কিয় বাৰু তোৰ শিৰ অৱনত

কিয় বাৰু ?

 

কিয় পাহৰিলি বিজয়ী বাহুৰ বল,

তোৰ অস্ত্ৰ কেনিনো গ’ল ?

অস্ত্ৰ বিচাৰি ল’ তই অস্ত্ৰ বিচাৰি ল’

এন্ধাৰত তই থাকিবি কিয়নো

জগত পোহৰ হ’ল ।

 

জগতত সৌৱা জ্ঞান বিয়পিছে

তোৰ দুৱাৰ বন্ধ ৰ’ল

দুৱাৰ মুকলি কৰ অসমীয়া

তোৰ জ্যোতিস্নান কৰিবৰ হ’ল

নাহিবি নুচুবি বুলি কিয় তই

আপোনাক কৰিবি পৰ অ’

আলাই-আথানি হোৱা ভায়েৰক

সাবটি ল’বৰে হ’ল

দেখিছনে সৌ মাতৃ জননী, তেনেয়ে নিছলা হ’ল

অ’ অসমীয়া, অ’ অসমীয়া

অ’ অসমীয়া, অ’ অসমীয়া অ’ ।

 

তোৰ তপ্ত ৰুধিৰ ঢালি আয়েৰক

শক্তি দিবৰে হ’ল

আইৰ পূজাৰ বেলি হ’ল (সমনীয়া অ’) ।।

Hits: 1765